হে শ্বহীদ প্ৰণামো তোমাক

অলপতে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত অসম ৰাইফলচৰ ওপৰত হোৱা উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাক্সা জিলাৰ থৈকাৰাকুছিস্থিত বাসগৃহত আজি উপস্থিত হৈ একাঁজলি অশ্ৰুঅঞ্জলিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

প্ৰয়াত কনক স্বৰ্গীয়াৰীৰ পুত্ৰ সুমন স্বৰ্গীয়াৰীয়ে আঠ বছৰ মান পূৰ্বে অসম ৰাইফলচত যোগ দান কৰিছিল ৷ উল্লেখ্য যে, শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পিতৃ প্ৰয়াত কনক স্বৰ্গীয়াৰী উগ্ৰপন্থীৰ হাতত নিহত হৈছিল ৷

শেষত, শ্বহীদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ৷ তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওঁক ৷ লগতে, প্ৰভু ভগৱন্তই তেখেতৰ পৰিয়ালবৰ্গক এই শোকৰ মুহূৰ্তত ধৈৰ্য আৰু সাহস প্ৰদান কৰক তাকে কামনা কৰিছোঁ ৷

৷৷ ঔঁম শান্তি ৷৷