ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু প্ৰগ্ৰেম বিষয়া খাবীৰ উদ্দিন আহমেদে এমজিএনৰেগাৰ অধীনত বিভিন্ন অনিয়ম কৰাৰ অভিযোগৰ ভিত্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা তদন্ত কৰা হয় ৷ এই তদন্তত খণ্ড উন্নয়ন বিষয়া জনে সামগ্ৰী ক্ৰয় নকৰা, অৰ্ধ দক্ষ/দক্ষ শ্ৰমিক নিয়োগ নকৰাকৈ মজুৰি পৰিশোধ কৰা, কৰ্মক্ষেত্ৰত যোগান, ফিটিং আৰু চাইনবৰ্ড ঠিক নকৰাকৈ ধন পৰিশোধ কৰাৰ কথা পোহৰলৈ আহে ৷ উক্ত তদন্তৰ ভিত্তিত বিষয়াজনৰ বিৰুদ্ধে বিভাগে এক গোচৰ ৰুজু কৰে আৰু চাকৰিৰ পৰা নিলম্বিত কৰে ৷

দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে আৰু অনাগত দিনটো লৈ যাব ৷ সদাশয় ৰাইজৰ প্ৰতি মোৰ বিশেষ আহ্বান, দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে সজাগ-সচেতন হৈ প্ৰশাসনক অৱগত কৰক ৷