দেশৰ প্ৰগতি, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পদক্ষেপ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগিতা

দেশ বা ৰাজ্য এখন প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত মহিলা সকলৰ ভূমিকা অপৰিসীম ৷ মহিলা সবলীকৰণ অথবা স্বাৱলম্বিতাৰ জৰিয়তে দেশৰ প্ৰগতিৰ পথ ত্বৰান্বিত হয় ৷ এইক্ষেত্ৰত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যেই কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৰাজ্যৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে ৷

May be an image of 4 people and text

উদাহৰণ স্বৰূপে, ফুকনাৰখাট গাঁও পঞ্চায়তৰ অধীনৰ খাগৰি মাইজান গাঁৱৰ নিজৰা আত্মসহায়ক গোটৰ সদস্যা পূৰবী গোঁহাইয়ে নিজ কৰ্মোদ্যমৰ জৰিয়তে হস্ততাঁত বৃত্তিৰে আৰ্থিক স্বতন্ত্ৰতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিভিন্ন ধৰণৰ অসমীয়া গামোচা, মেখেলা চাদৰ, ৰুমাল, টঙালি ইত্যাদি প্ৰস্তুত কৰি তেওঁ নিজৰ ব্যৱসায় আগবঢ়াই নিছে ৷ এইক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰি তেখেতক সহযোগিতা আগবঢ়াইছে ৷ শ্ৰীমতী পূৰৱী গোঁহাইক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত তেখেতে অধিক সফলতা লাভ কৰক তাৰ কামনা কৰিছোঁ ৷ আমাৰ মহিলা সকলে নিজ জিলাৰ কাৰ্যালয়লৈ গৈ অথবা ফোন যোগে যোগাযোগ কৰি আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায়-সহযোগিতা লাভ কৰিব পাৰিব ৷ তলত উল্লেখিত লিংকত আপোনাৰ নিকটৱৰ্তী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ Block Project Manager (BPM) ৰ নাম আৰু যোগাযোগ নম্বৰ লাভ কৰিব পাৰিব ৷