বিজেপি আৰু মিত্ৰজোঁটে চৰকাৰ চলাব পৰাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ইয়াৰ পিছতো বিৰোধী দলৰ বিধায়ক বিজেপিলৈ অনাৰ কাৰণ কি? বিৰোধীৰ দখলত থকা সমষ্টিত বিজেপিৰ সাংগঠনিক গতি দুর্বল নেকি? নে সমষ্টিটোত বিজেপিৰ শক্তিশালী নেতা নাই
: বিজেপিৰ সাংগঠনিক স্থিতি অতি সুন্দৰ আৰু মজবুত হৈ আছে। বর্তমান বিজেপিৰ ৪২ লাখ সদস্য আৰু ৪.৭০ লাখ পৃষ্ঠাপ্রমুখৰ লগতে ২১ হাজাৰ সক্রিয় বুথ আছে। এই স্থিতিৰে দল এতিয়া সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী। সেয়ে নহয়, সংখ্যালঘু অধ্যুষিত এলেকাতে ৮ হাজাৰ বুথ আছে, যি বুথসমূহ অৱশ্যে কিছু নিষ্ক্রিয়। এনে শক্তিশালী স্থিতিৰ পিছতো বিৰোধী দলৰ বিধায়ক দললৈ অনাৰ যি ব্যৱস্থা, তাক মই অপ্রয়ােজনীয় ব্যৱস্থা বুলি ভাবোঁ। দল এতিয়া শক্তিশালী, সকলাে প্ৰত্যাহ্বান নেওচিব পৰাকৈ আমি সাজু। এনে সময়ত বিৰোধী বিধায়ক দললৈ অনাটো কোনো প্রয়োজনীয় ব্যৱস্থা বুলি বর্তমান সময়ত মই নাভাবোঁ। আপুনি কোৱাৰ দৰে বিৰোধী দলৰ বিধায়কৰ জৰিয়তে বিজেপি শক্তিশালী হ’ব খােজা নাই।

আমি শক্তিশালী হৈ আছো বাবেই বিৰোধী দলৰ পৰা বিধায়ক আমাৰ দললৈ আহিছে। কিন্তু আমি এই ব্যৱস্থাৰ জৰিয়তে অধিক শক্তিশালী হ’ম বুলি নাভাবোঁ। উপ-নির্বাচনৰ জৰিয়তে যি বিৰোধী দলৰ নেতা আমাৰ দললৈ আহিল, তাৰ জৰিয়তে আমি অধিক শক্তিশালী হ’ম বুলি ধাৰণা কৰাটো ভুল হ’ব। তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বিধায়কৰ মৃত্যুৰ বাবে তাত উপ-নির্বাচন হোৱাটো স্বাভাৱিক আছিল। একেদৰে মাজুলী সমষ্টিৰো উপ-নির্বাচন এক স্বাভাৱিক প্রক্রিয়া। কিন্তু থাওৰা, মৰিয়নি আৰু ভৱানীপুৰত হােৱা উপ-নির্বাচনৰ প্ৰয়ােজন নাছিল। থাওৰা, মৰিয়নিত দলৰ স্থিতি যথেষ্ট শক্তিশালী তথা মজবুত আছিল। আনকি ভৱানীপুৰ সমষ্টিতো মিত্রজোঁট প্রার্থীৰ যথেষ্ট কম ভােটৰ ব্যৱধানত পৰাজয় হৈছিল।