বিজেপিয়ে মূল্যবােধৰ গণতন্ত্রক বিশ্বাস কৰে।গণতন্ত্রক সন্মুখত ৰাখি বিজেপিয়ে দল পৰিচালনা কৰি আছে।

মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে মন্তব্য কৰিছে যে বিৰােধীৰ ১৫জন বিধায়কে বিজেপিলৈ অহাৰ বাবে যােগাযােগ আছে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মাজুলীৰ লগতে আন দুটা সমষ্টিৰ উপ-নির্বাচন হ’ব বুলি উল্লেখ কৰিছে। ৰাইজে বিজেপিক জনাদেশ দিয়াৰ পিছত এনে উপ- নির্বাচনৰ নামত ৰাজহুৱা ধনৰ অপচয় নহয়নে? গণতন্ত্রত শক্তিশালী বিৰােধীৰ প্রয়ােজন। কিন্তু বিজেপিয়ে বিৰােধীক নাইকিয়া কৰিব বিচৰা নাইনে?

: বিজেপিয়ে মূল্যবােধৰ গণতন্ত্রক বিশ্বাস কৰে।গণতন্ত্রক সন্মুখত ৰাখি বিজেপিয়ে দল পৰিচালনা কৰি আছে। এইটো কথা ঠিক যে শক্তিশালী বিৰােধী থাকিলেহে সুস্থ গণতন্ত্র হ’ব৷ নহলে একনায়কত্ববাদ আহি পৰিব। আমি গণতন্ত্রক বিশ্বাস কৰো, গণতন্ত্র উত্থান হওক। কিন্তু দলৰ শেহতীয়া ব্যৱস্থাৱলীয়েৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিব। মই আগতেই উল্লেখ কৰিলোঁ যে বিৰােধীৰ বিধায়কেৰে দল শক্তিশালী কৰাটো কেতিয়াও গ্রহণযােগ্য হ’ব নােৱাৰে।

আমাৰ নেতা কর্মীয়ে শক্তিশালী কৰিছে আৰু ভৱিষ্যতেও দলৰ আদৰ্শনীতিৰে ভাগ স্বীকাৰ কৰি অহা দলীয় কর্মীৰেহে বিজেপি শক্তিশালী হ’ব। আপুনি লক্ষ্য কৰিব– উপ-নির্বাচনৰ যি তিনিটা সমষ্টিত বিজেপি জয়ী হ’ল সেই তিনিটা সমষ্টিত ৬ মাহৰ পূর্বে হৈ যােৱা সাধাৰণ নির্বাচনতাে দলে শক্তিশালী ৰূপে অৱতীৰ্ণ হৈছিল। মৰিয়নিত আমি ২,৪৪৬টা ভােটত, থাওৰাত ২,০০৬টা ভােটত আৰু ভৱানীপুৰত ৩,২২৭টা ভােটত পৰাজিত হৈছিলোঁ। বিৰােধীৰ দখললৈ যােৱা এই সমষ্টি কেইটাত আমাৰ ভােটৰ ব্যৱধান অতি সামান্য। হয়তাে অহা নির্বাচনত আমি এই তিনিওটা সমষ্টিতে বিজয়ী হােৱাটো নিশ্চিত আছিলোঁ। আৰু তাৰ বাবে আমাৰ নেতা-কর্মীসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি আছে, দলৰ স্থিতি সমষ্টি কেইটাত মজবুত কৰাৰ বাবে বিভিন্ন সাংগঠনিক কাম-কাজ কৰি আছে।