মণ্ডল-বুথ সমিতিৰ অনুমতি নােলােৱাকৈ তলত নতুনকৈ সদস্য অন্তর্ভুক্ত হ’ব নালাগে।

বিজেপিলৈ শেহতীয়াকৈ বিৰােধী দলৰ পৰা নেতাৰ লগতে কর্মীকে আদৰি অনা হৈছে। ন- বিজেপিৰ আগমনে দলক শক্তিশালী কৰিব বুলি দাবী কৰাৰ বিপৰীতে এলাগী হৈছে পুৰণি বিজেপি কর্মী- নেতা। ইয়াৰ ফলত দল ক্ষতিগ্রস্ত নহ’বনে? পুৰণি বিজেপি অসন্তুষ্ট হৈ থাকিলে আগন্তুক সময়ছােৱাত দলৰ সাংগঠনিক দিশত প্ৰভাৱ নপৰিবনে?

: নিশ্চিতভাৱে বিৰােধীৰ নেতা-কর্মীক সঘনে আদৰি আনি থাকিলে দলৰ ভিতৰ চ’ৰাত প্রভার পৰাটো স্বাভাৱিক | ন-বিজেপিৰে দলক শক্তিশালী কৰা হৈছে নেকি বুলি যি প্রশ্ন উত্থাপন হৈছে চলতে সেই প্রশ্ন আপােনাৰ মনতেই নহয়, দল নেতা কৰ্মীৰ মাজতাে হাটা স্বাভাবিক।

মই ভাবো যে যি পর্যায়ৰ নেতাই নহওক কিয়, দললৈ অনা নতুন নেতা বুথ আৰু মণ্ডল সমিতিৰ অনুমােদন সাপেক্ষেহে আনিব লাগে বুলি দলৰ এক নিয়ম আছে। বিজেপি দল নহয়, এক মিছন। মই নিজে ১৯৯১ চনৰ পৰা দলত আদর্শ, এক শ্রেষ্ঠ ভাৰত যি ধাৰণা তাক বুজি পাইছিলোঁ আৰু সেয়েহে বিজেপিত যােগ দিছিলোঁ।