একাধিক সমস্যাৰ মাজতে ৰাজ্যত মূল সমস্যাৰূপে দেখা দিছে মূল্যবৃদ্ধিয়ে। আপুনি খাদ্য- অসামৰিক যােগান বিভাগৰ দায়িত্বত আছে। মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ কি? ৰাইজক সকাহ দিবলৈ কি পদক্ষেপ লৈছে ?
: চাওক, মূল্যবৃদ্ধি বিষয়টো ৰাজ্যিক পর্যায়ৰ বিষয় নহয়। ই এক সর্বভাৰতীয় বিষয়। খাদ্যসামগ্ৰীসমূহৰ খুচুৰা-পাইকাৰী মুল্য প্রতিদিনে গ্রাহক মন্ত্রালয়ে নিয়ন্ত্রণ কৰে আৰু মন্ত্রালয়ে প্রতি সন্ধিয়া তেওঁলােকৰ পৰ্টেলত খাদ্যসামগ্ৰীৰ মূল্য উল্লেখ কৰে। গতিকে, সাধাৰণ ৰাইজক মূল্যবৃদ্ধিৰ কাৰণ কি অথবা কোনবিধ সামগ্ৰীৰ কিমান মূল্য নির্ধাৰণ কৰা হৈছে সেয়া পটেলৰ জৰিয়তে প্রত্যক্ষ কৰিব পাৰে। অসমতে নহয়, দেশৰ প্ৰতিখন ৰাজ্যতে খাদ্যসামগ্ৰীৰ মূল্য শেহতীয়াকৈ বৃদ্ধি পাইছে। কিন্তু গ্রাহক মন্ত্ৰালয়ৰ প’ৰ্টেল ভালকৈ নিৰীক্ষণ কৰিলে দেখা যায় যে ৰাজ্য চৰকাৰৰ হাতত মূল্য নিয়ন্ত্ৰণৰ কোনাে ব্যৱস্থাই নাই। অর্থনৈতিক দিশৰ পৰা এই কথাটোৱেই কব পাৰো উৎপাদন বৃদ্ধি হলে দাম হ্রাস পাব। অর্থাৎ যােগান অনুযায়ী চাহিদা বৃদ্ধি হলে সামগ্ৰীৰ মূল্য ঊর্ধ্বমুখী হয়। দেশে ২৭ শতাংশৰাে অধিক সাৰুৱা তেল আৰু ৬০ শতাংশতকৈ অধিক সৰিয়হ তেল আমদানি কৰিব লগা হয়। আমাৰ দেশত উৎপাদনৰ ওপৰতে সামগ্ৰীৰ মূল্য হ্রাস-বৃদ্ধি হয়। অহা সময়ছােৱাত যদি উৎপাদন বৃদ্ধি হয়, স্বাভাৱিকতে খাদ্যসামগ্ৰীৰ মূল্য হ্রাস পাব। কিন্তু খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বিষয়টোৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীকো উদ্বিগ্ন কৰিছে। প্রধানমন্ত্রীয়ে নিলসভাৱে এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে। যি সময়ত আন বহু দেশৰ অর্থনীতি বিধ্বস্ত হৈছে, তেনে সময়ত দেশৰ অর্থনীতি ধৰি ৰখাত প্রধানমন্ত্রী তথা কেন্দ্রীয় চৰকাৰ সফল হৈছে। মূল্যবৃদ্ধিৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ পেট্রল-ডিজেলৰ মূল্য হ্রাস কৰিছে কেন্দ্রীয় চৰকাৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়াে পেট্রল-ডিজেলৰ দাম ৫ টকাকৈ হাস কৰিছে। ৰাইজক আমি সকাহ দিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ।