আঁচনিসমূহ পূৰণৰ সুযােগ লৈ লুণ্ঠন চলালে তাক সহ্য কৰা নহ’ব

আপুনি পঞ্চায়ত-গ্রামােন্নয়ন বিভাগৰৰ দায়িত্ব আছে। এইবিভাগটোৰ বহুআঁচনিকার্যকরী কৰাৰ ক্ষেত্ৰত যথেষ্ট বিব্রয় অনিয়ম পােহৰলৈ আহিছে। এইক্ষেত্ৰত আপুনি কি ধৰণে বিভাগটোক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে?

: মহাত্মা গান্ধীয়ে কৈছিল– দেশৰ আত্মা গাঁৱত লুকাই থাকে। গ্রাম্য উন্নয়নৰ অবিহনে দেশক বিকশিত কৰাটো অসম্ভব। গতিকে, গ্রাম্য উন্নয়নৰ বাবে যিবােৰ আঁচনি—প্রধানমন্ত্রী গ্রাম চড়ক যােজনা, প্রধানমন্ত্রী আৱাস যােজনা, চতুর্দশ বিত্তীয় আয়ােগ বা পঞ্চদশ বিত্তীয় আয়ােগেই হওক, এই আঁচনিৰ লগত দুখীয়া লােকৰ সামাজিক তথা আর্থিক উন্নয়ন জড়িত হৈ থাকে। গতিকে, প্ৰতিগৰাকী গ্রাম্য এলেকাৰ লােকে এই আঁচনিৰ দ্বাৰা যাতে উপকৃত হয়, সেয়াই হৈছে আমাৰ প্রথম লক্ষ্য। কিন্তু এই আঁচনিসমূহ পূৰণৰ সুযােগ লৈ লুণ্ঠন চলালে তাক সহ্য কৰা নহ’ব। দুখীয়া লােকৰ শােষণ সহ্য কৰি থকাটো মই ভাবো- আমাৰ শাসনত থকাৰ কোনাে অধিকাৰ নাই। এ শেহতীয়াকৈ আপুনি লক্ষ্য কৰিব আঁচনি ৰূপায়ণৰ নামত বিত্তীয় অনিয়মৰ ক্ষেত্ৰত আমি কঠোৰ হৈছোঁ। ইতিমধ্যে কেইবাজনাে বিষয়া-কৰ্মচাৰীক এই অনিয়মত জড়িত থকাৰ অভিযােগত নিলম্বন কৰা হৈছে।