“তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই” – নামঘোষা

আজি পবিত্ৰ ৰাস মহোৎসৱৰ শুভক্ষণত মোৰ নিজা সমষ্টি পাটাছাৰকুছিত নৱনিৰ্মিত ৰায়পুৰ পশ্চিম নামঘৰটি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰোঁ ৷ ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ হোৱা এই নামঘৰটিয়ে স্থানীয় ভক্তপ্ৰাণ ৰাইজক আধ্যাত্মিক চিন্তা চেতনা বৃদ্ধি কৰাত উৎকৰ্ষ সাধন কৰিব ৷ ইয়াৰোপৰি, হৰিনামৰ শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ সাধনা কৰাৰ লগতে ভক্তিৰসৰ মধুৰ সমন্বয়েৰে স্থানীয় ৰাইজক একাত্ম হোৱাত এই নামঘৰটিয়ে বিশেষ অৰিহণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস ৷

ইয়াৰোপৰি, ভকত বৈষ্ণৱ সকলৰ অংশগ্ৰহণেৰে উলিওৱা ভাগৱত শোভাযাত্ৰাৰ শুভ উন্মোচন কৰি আহ্লাদিত হৈছোঁ আৰু এই শুভক্ষণত মহাপুৰুষ গুৰুজনাক স্মৰণ কৰি ভক্তিভৰা সেৱা নিবেদিছোঁ ৷
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ 






