আজি ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

দলীয় কাৰ্যকৰ্তা সকলে নিজৰ লগতে প্ৰতিজনৰ সৈতে মতান্তৰ থাকিলেও মনান্তৰ আনিব নালাগে…..

আজি ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

দলৰ আদৰ্শ প্ৰতিষ্ঠাৰ বাবে দলীয় কাৰ্যকৰ্তা সকলে নিজৰ লগতে প্ৰতিজনৰ সৈতে মতান্তৰ থাকিলেও মনান্তৰ আনিব নালাগে ৷ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা আমাৰ সকলোৰে মাৰ্গদৰ্শক ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ দেশৰ আৰু দলৰ প্ৰতি থকা নিষ্ঠা তেওঁৰ কৰ্মৰাজীত প্ৰতিফলিত হয় ৷

তেখেত জন্মসূত্ৰে কলকাতাৰ বাসিন্দা, কৰ্মসূত্ৰে (কেবিনেট মন্ত্ৰী) দিল্লী আৰু দেশৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে কাশ্মীৰত দুখন পতাকা প্ৰবৰ্তনৰ বিৰুদ্ধে তেওঁ কৈছিল “एक देश में दो विधान, दो निशान नहीं चलेंगे ” ৷

আমিও প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই “দেশ প্ৰথম, দল দ্বিতীয়, ব্যক্তি শেষত“ মনোভাৱেৰে আগন্তুক দিনবোৰত দলৰ ভেঁটি শক্তিশালী কৰিবলৈ নিষ্ঠাৰে প্ৰতিটো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনালোঁ ৷