আজি ভক্তিৰসৰ মধুৰ সমন্বয়েৰে পাটাছাৰকুছি, টিহু, কুকুৰমাৰা, পাঠশালা, কুৱৰা আৰু হেলনা অঞ্চলত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱ কেইভাগিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

প্ৰভু শ্ৰীকৃষ্ণৰ দ্বাৰা মৰ্ত্যত সমাপন হোৱা কৰ্মৰাজিৰ কলাত্মক ৰূপৰ নিপুণ উপস্থাপন “ৰাস মহোৎসৱ” অসমীয়া সম্ভ্ৰান্ত সংস্কৃতিৰ অনন্য এটি কলা-সংস্কৃতি তথা আধ্যাত্মিক চেতনাৰ অন্যতম নিদৰ্শন।

আজি ভক্তিৰসৰ মধুৰ সমন্বয়েৰে পাটাছাৰকুছি, টিহু, কুকুৰমাৰা, পাঠশালা, কুৱৰা আৰু হেলনা অঞ্চলত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱ কেইভাগিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। লগতে, ৰাইজৰ আন্তৰিকতা, উদ্যম আৰু শিল্প মনবোৰে অনন্য কৰা ভক্তিৰসেৰে পৰিপূৰ্ণ সময়খিনিৰে সমৃদ্ধ হ’লোঁ।

“ৰাস মহোৎসৱ”ৰে জড়িত কলা-কুশলী সকলক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।