ধ্বজাবাহী আঁচনি ৰূপায়ণৰ মাধ্যমেৰে গ্ৰাম্য উন্নয়ন
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সুবিধা সৃষ্টি কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা আৰু সামাজিক সুৰক্ষা তথা দুখীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কাম কৰি আহিছে ৷ ইয়াৰ বাবে বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে ৷ ইয়াৰে ভিতৰত উল্লেখনীয় ধ্বজাবাহী আঁচনি হৈছে – মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এমজিএনৰেগা) ৷ এমজিএনৰেগাৰ অধীনত ‘আত্মনিৰ্ভৰ নাৰী, আত্মনিৰ্ভৰ অসম’ আঁচনিৰ জৰিয়তে বিপিএল হিতাধিকাৰী মহিলা শ্ৰীমতী চম্পা বড়োৰ নিজা ভূমিত ব্যক্তিগত নাৰ্চাৰী আৰু ফুলৰ সংস্কৃতি গঢ়ি তোলা হয় ৷ মৰিগাঁও জিলা গ্ৰামোন্নয়ন অধীকৰণৰ অধীনৰ মেগং খণ্ডৰ অন্তৰ্গত দেওচাল গাঁও পঞ্চায়তৰ শ্ৰীমতী চম্পা বড়োৱে স্থাপন কৰা এই ব্যক্তিগত নাৰ্চাৰী খনৰ বাবে বিত্তীয় বৰ্ষ ২০২০-২১ ৰ বাবে প্ৰায় ১.৪৯ লাখ টকা আৱন্টন দিয়া হয় ৷ তেওঁ প্ৰায় ১০৯৮৬৫.০০ টকা ব্যয় সাপেক্ষে এই নাৰ্চাৰীখন স্থাপন কৰে ৷
উল্লেখ্য যে, চম্পা বড়ো বিএপিএল শ্ৰেণীৰ এগৰাকী অনুসূচিত জনজাতিৰ মহিলা ৷ এই আঁচনি লাভ কৰাৰ আগতে তেখেতৰ কোনোধৰণৰ বাৰ্ষিক উপাৰ্জন নাছিল ৷ কিন্তু, বৰ্তমান তেওঁ প্ৰতিমাহে ৪,৫০০ টকাৰ পৰা ৫,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰে আৰু নিজে স্বতন্ত্ৰ হোৱাৰ লগতে পৰিয়ালৰ লোক সকলক পোহপাল দিবলৈ সক্ষম হৈছে ৷

Building a self-reliant Assam
The Panchayat and Rural Development Department has been working towards the socio-economic development of the poor people of the rural areas by generating livelihood and poverty alleviation and ensuring social security. The Department is implementing various schemes regarding this. Amongst these, the notable flagship scheme is Mahatma Gandhi National Rural Employment Guarantee Scheme (MGNREGA). Under MGNREGA, Swanirbhar Naari – Atmanirbhar Asom Scheme benefits the women of BPL category by generating livelihoods, which financially empowers them by making them self-reliant and improves their role in society. Smt. Champa Boro, a Scheduled Tribe woman of BAPL category, of Deosal GP, Mayong block under Morigaon DRDA has been selected under MGNREGA to open an individual nursery. About Rs. 1.49 lakh was allocated for the financial year 2020-21. She has set up the nursery for Rs. 1,09,865. Currently she secures a monthly income of Rs.4,500-5,000 and assists her family. The execution of the scheme has also resulted in 579 Mandays. My best wishes to Smt. Champa Boro for her successful initiative and I urge other women in the state to become partners of change to usher in self-reliance for all in Assam.