‘সাউৰি দিয়া ধান কটা পৰ্ব’ ৰ শুভাৰম্ভ কৰি অতিকৈ প্ৰফুল্লিত হ’লোঁ ৷

আজি ৰায়পুৰ (ভাগৱতীপাৰা) বামুনকুছি (নপাৰা)ত বজালী জিলা কোচ ৰাজবংশী সংগ্ৰামী মঞ্চ, সদৌ বজালী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনী বজালী জিলা সমিতিৰ উদ্যোগত আয়োজন হোৱা ‘সাউৰি দিয়া ধান কটা পৰ্ব’ ৰ শুভাৰম্ভ কৰি অতিকৈ প্ৰফুল্লিত হ’লোঁ ৷

আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা আমি নিজেই ৰক্ষা কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি নিজেই শিকাব লাগিব ৷

আজি বজালী অঞ্চলৰ কোচ ৰাজবংশী সকলৰ পূৰ্বৰ পৰম্পৰা সাউৰি দিয়া ধান কটা পৰ্ব সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰোঁ ৷ স্থানীয় ৰাইজৰ সৈতে এনেদৰে আনন্দ উল্লাসৰ মাজত ধান কাটি খেতি চপায় মনত প্ৰশান্তি লভিলোঁ ৷