বিজেপিৰ জ্যেষ্ঠ নিষ্ঠাবান নেতা ৰঞ্জিত ঠাকুৰীয়া আৰু আমাৰ মাজত নাই

প্ৰয়াত ৰঞ্জিত ঠাকুৰীয়া কাৰ্যালয়ত থাকি কাৰ্যনিৰ্বাহ কৰা শেষৰগৰাকী কাৰ্যকৰ্তা আছিল। তেখেতে ১৯৮৬ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিক সেৱা আগবঢ়াইছিল ৷ লগতে, যুৱমৰ্চা আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি তথা ৰাজ্যিক সমিতিৰ সম্পাদক হোৱাৰ উপৰিও ২০০৪ চনত লোকসভাত তেখেতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। অল ইণ্ডিয়া নেহৰু যুৱ কেন্দ্ৰৰ গৱৰ্ণিং বডীৰ এগৰাকী সদস্য, ব’ৰ্ডচ অৱ ডাইৰেক্টৰ সদস্য হোৱাৰ লগতে সমুখত নিজৰ কোনোধৰণৰ আশা-আকাংক্ষাৰ কথা নাভাবি নিজ জীৱন্ত কালতো দেশ আৰু দলৰ বাবে সমৰ্পিত কৰিছিল প্ৰয়াত ৰঞ্জিত ঠাকুৰীয়া দেৱে। এইগৰাকী ব্যক্তিয়ে আমাক আকস্মিকভাৱে এৰি থৈ যোৱা ঘটনাই মোক মৰ্মাহত কৰিছে।

মই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মা বৈকুণ্ঠগামী হওঁক লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি মই তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও টেলিফোন যোগে তেখেতৰ পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে।

Heartbroken to know about the sudden demise of Shri Ranjit Thakuria Dev. He joined BJP in 1986 & served the party dedicatedly ever since. His passion for work was unmatchable. Offered my deep condolences to his family. I pray that his soul finds eternal peace.

Om Shanti 🙏🏼