আজি পাঠশালাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত ‘ঘূৰ্ণিয়মান পুঁজি বিতৰণ আৰু সজাগতা সভা’ সম্বোধন কৰোঁ ৷ উক্ত সভাত পাঠশালা পৌৰসভাৰ অধীনৰ ৫ টা মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ১০,০০০/- টকাৰ চেক বিতৰণ কৰোঁ ৷ ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিগৰাকী সদস্যাক ১০ কেজি ওজনৰ এটি মোনা প্ৰদান কৰোঁ ৷
এনেধৰণৰ চৰকাৰী আঁচনিৰ দ্বাৰা মহিলা সকলে আত্মনিৰ্ভৰশীল আৰু আর্থিকভাৱে স্বাৱলম্বী হ’বলৈ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ৷
আজিৰ সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানে কেনেদৰে ৰাজ্যৰ মহিলা সকলক আৰ্থিক ভাৱে স্বাৱলম্বী হ’বলৈ প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে সেইবিষয়ে আলোকপাত কৰোঁ ৷

ইয়াৰোপৰি, আন মহিলা সকলকো এই অভিযানৰ লগত সংযুক্ত হৈ নিজক স্বাৱলম্বী হ’বলৈ আজিৰ এই সভাৰ জৰিয়তে আহ্বান জনালোঁ ৷







