আজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ

আজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ ৷ এই সভাত জিলা পৰ্যায়ৰ কাৰ্যকৰ্তা সকলৰ লগতে বঙাইগাঁও জিলাৰ অন্তৰ্গত প্ৰতিটো বুথ আৰু মণ্ডলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

দল শক্তিশালী হয় বুথ আৰু মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তা সকলৰ অপৰিসীম প্ৰচেষ্টাৰ বলত ৷ তেখেতসকলে দিনে ৰাতিয়ে কৰা পৰিশ্ৰমৰ বলতেই দল এটা সাংগঠনিক দিশত উৰ্দ্ধগামী হয় ৷

আজিৰ এই সভা সম্বোধন কৰি দলীয় কাৰ্যকৰ্তা সকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে মোৰ বক্তব্য ৰাখো ৷

ৰাজ্য চৰকাৰৰ কাম-কাজৰ সমান্তৰালকৈ আমি দলৰ কাম-কাজ সুচাৰুৰূপে আগুৱাই নিব লাগিব ৷ বঙাইগাঁও জিলাত দলৰ স্থিতি অধিক শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিজন কাৰ্যকৰ্তাক নিজৰ দায়িত্ব আৰু কৰ্তব্য অতি নিষ্ঠা তথা সততাৰে সম্পাদন কৰি যাবলৈ আহ্বান জনাওঁ ৷

আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী আৰু জিলা প্ৰভাৰী ব্ৰজ দাস উপস্থিত থাকে ৷

Our Karyakartas reinforce our social & organisational growth.

Addressed a meeting at the BJP Bongaingaon office, attended by the District, Booth & Mandal-level Karyakartas of the Dist. The meeting was attended by BJP Bongaigaon Dist President Smt Himani Adhikari & others.