চাহ জনগোষ্ঠীৰ এগৰাকী অন্যতম অগ্ৰণী, প্ৰাতঃস্মৰণীয় নেতা, শিক্ষাবিদ, সমাজহিতৈষী সন্তোষ কুমাৰ তপ্নদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
আজি “শ্ৰমিক কল্যাণ দিৱস” হিচাপে পালন হৈ অহা এই বিশেষ দিনটোত চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকৰ অপৰিসীম ত্যাগ, অতুলনীয় পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামোক সবল কৰাৰ ক্ষেত্ৰত চাহ বাগিচাৰ ভাই-ভনী সকলৰ অনবদ্য অৱদানক সহৃদয় কৃতজ্ঞতা জনাইছোঁ। সেউজীয়া চাহৰ দৰে প্ৰতিগৰাকী চাহ বাগিচাৰ ভাই-ভনী আমাৰ গৌৰৱ, সম্পদ.. তেখেত সকলৰ জীৱনৰ সৰ্বতোপ্ৰকাৰৰ সুৰক্ষা-সন্মানৰ প্ৰতি আহক আমাৰ দায়িত্বক নিষ্ঠাৰে পালন কৰোঁ।





