আজি বাক্সা জিলাত আন এক উল্লেখযোগ্য কাৰ্যসূচী হিচাবে বাক্সা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা ‘চাওকুছি মুছলিম চুবা নলসংযুক্ত পানী যোগান আঁচনি’ খন পৰিদৰ্শন কৰোঁ। ‘জল জীৱন মিছন’ আঁচনিৰ অধীনত ৰাজ্যজুৰি নিৰৱচ্ছিন্ন ভাৱে বিভাগীয় বিষয়ববীয়া সকলে নিজ কামসমূহ সমাপন কৰিছে।
আজি বাক্সা জিলাত এই আঁচনি খনৰ অধীনত ৰূপায়ণ হৈ থকা কাম-কাজ সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰোঁ ।







