“অসমীয়া বিজেপি বাৰ্তা” আলোচনী খনক অনন্যতা তথা তেখেতৰ চিন্তাৰে পাঠক সমাজক বিমুগ্ধ কৰি ৰখাত তেখেতৰ অন্যতম ভূমিকাক সকলোৱে সদায় স্মৰণ কৰিব। আলোচনী খনৰ মাজেৰে আমাৰ দল, চৰকাৰৰ প্ৰতিটো সবল পদক্ষেপ, প্ৰগতিৰ খতিয়ানক ৰাইজৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত তেখেতৰ দক্ষ সম্পাদনা সকলোৰে জ্ঞাত।
উল্লেখ্য যে, মই দলৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোঁতে বিশেষভাৱে তেখেতৰ সৈতে অতিবাহিত কৰা দলীয় আলোচনা, পৰামৰ্শ আদিৰে সমৃদ্ধ সময়খিনিয়ে মোক এই সময়খিনিত বৰকৈ আমনি কৰিছে।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেৱদত্ত বৰকটকী ডাঙৰীয়াৰ স্মৃতি, দললৈ আগবঢ়াই যোৱা সেৱা আমাৰ হৃদয়ত সদায় চিৰযুগমীয়া হৈ ৰ’ব।
৷৷ ঔঁম শান্তি ৷৷