বীৰ লাচিতৰ অতুলনীয় ত্যাগ, বীৰত্ব, দেশপ্ৰম অসমীয়া জাতিৰ চিৰকালৰ অম্লান শকতি। স্বদেশ প্ৰেমৰ সৰ্বকালৰ প্ৰতিভূ লাচিত বৰফুকনৰ বীৰত্ব বিশ্বতে বিৰল।
আত্মবিশ্বাস, কৰ্তব্যনিষ্ঠাৰ মহান নিৰ্দশন যুগ-যুগান্তৰলৈ থৈ মাতৃভূমিৰ মৰ্যদা আৰু সুৰক্ষাৰ বাবে অপৰিসীম ত্যাগেৰে সমগ্ৰ জাতিৰ স্বাভিমানৰ ধ্বজা সগৌৰৱেৰে নীলিম আকাশত উৰুৱাই থৈ যোৱা পৰাক্ৰমী বীৰ গৰাকীক লাচিত দিৱসৰ এই পবিত্ৰ ক্ষণত সহৃদয় সেৱা জনাইছোঁ। জাতীয় বীৰ গৰাকীৰে আদৰ্শৰে অনুপ্ৰাণিত হৈ আই অসমীক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।