অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰা পদ্মনাথ গোহাঞিবৰুৱা দেৱৰ জন্মজয়ন্তীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

বিশিষ্ট সাহিত্যিক, প্ৰবন্ধকাৰ সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰা পদ্মনাথ গোহাঞিবৰুৱা দেৱৰ জন্মজয়ন্তীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেঁটি নির্মাণ কৰাৰ লগতে সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গােহাঞি বৰুৱাদেৱ আছিল অন্যতম। ন-দশক পূৰ্বে অসমীয়া ভাষাক লৈ সন্দিহান হৈছিল পদ্মনাথ গোহাঞিবৰুৱা দেৱ।

May be an image of 1 person and text

সেইবাবে অসমীয়া ভাষাৰ স্বতন্ত্র শব্দ থকাৰ পাছতো বঙলুৱা অথবা আন প্রদেশী শব্দ ব্যৱহাৰ ৰোধ কৰিবলৈ অগ্নিকবি কমলাকান্ত ভট্টাচার্য দেৱলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। চৈধ্য চেণ্টিমিটাৰ প্রস্থৰ আৰু ৯ চেণ্টিমিটাৰ দৈর্ঘ্যৰ এখন পোষ্ট কার্ডত অসমীয়া ভাষা প্রেমৰ নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল স্বাভিমানী অসমীয়া পদ্মনাথ গোহাঞিবৰুৱা দেৱে। এয়া অসমীয়া সমাজ জীৱনত মহীৰূহৰ অসমীয়া ভাষা প্রেম আৰু সাহিত্য সাধনাৰ উজ্জ্বল স্তম্ভ৷ এনে নিঃস্বার্থ ব্যক্তিৰ প্রচেষ্টাৰ বাবেই আজিও নানা অথন্তৰৰ মাজত স্ব-মহিমাৰে মণ্ডিত হৈ আছে অসমীয়া ভাষা৷ আজি জন্মতিথিত এইগৰাকী বৰেণ্য ব্যক্তিক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।