আজি বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা মন্ত্ৰী সভাৰ কেবিনেট বৈঠকত উপস্থিত থাকোঁ ৷
আজিৰ এই বৈঠকত সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই সিদ্ধান্ত সমূহক মই আদৰণি জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সহিতে সতীৰ্থ মন্ত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷








