আজি গোৱালপাৰা জিলাত মিত্ৰদল অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তা সকলৰ সৈতে এখনি বৈঠকত মিলিত হওঁ আৰু তেওঁলোকৰ লগত মত বিনিময় কৰোঁ ৷
বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰ খনৰ উন্নয়নমূলক কাম-কাজ সমূহ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰাৰ লগতে আগন্তুক দিনত চৰকাৰৰ জনকল্যাণমূলক আঁচনি সমূহ সঠিক ৰূপত ৰাইজৰ কাষলৈ লৈ যাবলৈ তেখেত সকলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰোঁ ৷

উক্ত বৈঠকত গোৱালপাৰা জিলাৰ অসম গণ পৰিষদ দলৰ সভাপতি শ্ৰী জ্যোতিষ দাসকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

Attended a meeting with AGP alliance workers & held a talk at the AGP office in Goalpara.
Discussed the proceedings towards the progressive work of the govt., & cordially took their suggestions taken in this regard.






