আজি গোৱালপাৰা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠকত অংশগ্ৰহণ কৰি উপস্থিত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰোঁ।

আজি গোৱালপাৰা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠকত অংশগ্ৰহণ কৰি উপস্থিত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰোঁ।

জনসাধাৰণৰ সেৱাত ব্ৰতী থাকি প্ৰতিদিনেই আমাৰ দলটোৱে দায়িত্ব সহকাৰে কৰ্ম সম্পাদন কৰি আহিছে। দলটো আগুৱাই নিয়াত কাৰ্যকৰ্তা সকলৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন। সেয়েহে, আজি অনুষ্ঠিত এই বৈঠকত সমূহ কাৰ্যকৰ্তাৰ সহায়-সহযোগিতা কামনা কৰি আহ্বান জনাওঁ।

আশা কৰোঁ, তেখেতসকলে পূৰ্বৰ দৰেই অনাগত দিনটো যাতে নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰ নিজ কৰ্মত ব্ৰতী হৈ থাকে। আজিৰ এই সভাত গোৱালপাৰা জিলাৰ বিজেপি সভাপতি শ্ৰী হিমাদ্ৰী দাসকে প্ৰমুখ্য কৰি ৰাজ্যিক বিষয়ববীয়া সকল উপস্থিত ৷