আমাৰ সংস্কৃতি, গৌৰৱময় ঐতিহ্যক সগৌৰৱেৰে বুকুত লৈ থকা গোৱালপাৰাৰ সূৰ্যপাহাৰ স্থিত পবিত্ৰ শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ মহাপীঠত মহাদেৱৰ শ্ৰীচৰণত ভক্তি অঞ্জলি অৰ্পন কৰি সবাৰে মংগল কামনা কৰোঁ।
উল্লেখ্য যে “বিশ্ব ঐতিহ্য সপ্তাহ”ৰ আজি অন্তিম দিনা এই স্থানতে থকা পূৰাতাত্বিক সংগ্ৰহালয়টি পৰিদৰ্শন কৰোঁ। সংগ্ৰহালয়টিত সযত্নে থোৱা পৌৰাণিক সম্পদ সমূহ দৰ্শন কৰি যথেষ্ট আপ্লুত হৈছোঁ। এই পৰিদৰ্শন কালত মোৰ সৈতে গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়া উপস্থিত থাকে ৷
আমাৰ সম্ভ্ৰান্ত ঐতিহ্য সমূহৰ লগতে পবিত্ৰ পীঠৰ আধ্যাত্মিক পৰিৱেশে আজিৰ দিনটো অনন্যকৈ সমৃদ্ধ কৰিলে। বিশ্ব ঐতিহ্যৰ সমগ্ৰ ক্ষেত্ৰখনক আমাৰ এই আপুৰুগীয়া সম্পদ সমূহে চহকী কৰি ৰাখিছে। এই সম্পদ সমূহ সুৰক্ষা আৰু যত্নৰ বাবে আমাৰ চৰকাৰে সদায় দায়বদ্ধতাৰে কাম কৰি যাব।

এই ক্ষেত্ৰত ৰাইজৰ সজাগতা কামনা কৰিছোঁ।
Offered my prayers for the greater good of humanity at the Holy Sri Surya Pahar Mahapeeth, Goalpara, which proudly represents our glorious cultural heritage. On the last day of #WorldHeritageWeek, impressed to see the mythological treasures kept at the Archaeological Museum.







