ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যােগত অনুষ্ঠিত হোৱা বৰপেটা জিলাৰ প্ৰশিক্ষণ শিবিৰৰ সমাপন সত্ৰত আজি উপস্থিত থাকোঁ।
সত্ৰত কাৰ্যকৰ্তা সতীৰ্থ সকলৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শকে আদি কৰি সামগ্ৰিক ভাৱে দলীয় কৰ্মপ্ৰণালী, ইতিহাস, বিকাশ তথা সংগ্ৰামৰ যাত্ৰা সম্পৰ্কত আলোচনা কৰোঁ। দলৰ মজিয়াত থাকি সেৱা আগবঢ়াই যোৱাৰ সময়খিনিয়ে মোক যি অভিজ্ঞতাৰে সমৃদ্ধ কৰিছে, সেই অভিজ্ঞতাক সকলোৰে আগত আন্তৰিকতাৰে বিনিময় কৰোঁ।
ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ভাৰতীয় সমাজৰ আত্মবিশ্বাস, স্বাভিমান, ঐতিহ্যৰে ভৰা আত্মগৌৰৱ তথা পৰিচয়ক পুনৰুদ্ধাৰৰ সেৱা আগবঢ়াই আহিছে। এই সেৱাৰ যাত্ৰাত প্ৰতিজন সতীৰ্থ কাৰ্যকৰ্তাৰ ভূমিকা সবল হোৱাৰ আন্তৰিক কামনা কৰিছোঁ।
আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সভাপতি শ্ৰী অনিল দাস, বৰপেটা জিলাৰ প্ৰভাৰী তথা ৰাজ্যিক উপ-সভাপতি শ্ৰী জয়ন্ত দাস আৰু সহ-প্ৰভাৰী শ্ৰী শশাংক ডেকাকে আদি কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
Glad to be present at the closing ceremony of the training camp in Barpeta Dist organized by the BJP Assam Pradesh training dept. Discussed about my enriching experience of ethics, ideologies & overall journey in BJP. Wish my fellow Karyakartas unique roles in their service journey.








