পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়ত আজি ‘গজালি’ নামৰ এখন মুখপত্ৰৰ উন্মোচন কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিশু অৱস্থাত পোন প্ৰথমবাৰৰ বাবে নিজ বক্তব্য ৰখা বিদ্যালয় খনৰ মুখপত্ৰ উন্মোচন

পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়ত আজি ‘গজালি’ নামৰ এখন মুখপত্ৰৰ উন্মোচন কৰোঁ ৷

উল্লেখ্য যে, এই বিদ্যালয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মোমায়েকে শিক্ষকতা কৰিছিল ৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া শিশু অৱস্থাত আছিল আৰু এদিন এই বিদ্যালয়তে তেখেতক মোমায়েকে ঐতিহাসিক অসম আন্দোলনৰ ওপৰত দুআষাৰ ক’বলৈ দিওঁতে তেখেতে পোনপ্ৰথম বাৰৰ বাবে ৰাজহুৱা স্থানত নিজৰ বক্তব্য ৰাখিছিল ৷ ইয়াৰ পিছৰে পৰা তেখেত শিশু বক্তা হিচাবে পৰিচিত হৈছিল ৷ এইখিনি কথা তেখেতে এদিন মোৰ সৈতে হোৱা এক কথোপকথনত উল্লেখ কৰিছিল ৷

এনে এখন বিদ্যালয়তে আজি মুখপত্ৰখন শুভ উন্মোচন কৰি আহ্লাদিত হৈছোঁ আৰু মুখপত্ৰখনৰ সম্পাদনা সমিতিৰ প্ৰতিজন ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

Glad to unveil a magazine called Gojali at Patacharkuchi LP School.

This is the same school where HCM Dr Himanta Biswa Sarma Dangoria gave his first public speech as a child on the topic of Assam Movement, & came to be known as the child orator. My best wishes to the editorial team.