দেশৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ পৰা সাহসিকতাৰ শৌৰ্য্যচক্ৰ বঁটাপ্ৰাপ্ত অসম ৰাইফলচৰ ষষ্ঠ বেটেলিয়ানৰ ৰাইফল মেন শ্ৰী প্ৰণৱজ্যোতি দাসক আজি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ ৷

নিজৰ শৌৰ্য্য আৰু সাহসিকতাৰ বাবে মোৰ নিজা সমষ্টিৰ সন্তান শ্ৰী প্ৰণৱজ্যোতি দাসে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। অৰুণাচলত কৰ্তব্যৰত হৈ থকা অৱস্থাত তেখেতে দেশৰ অখণ্ডতা ৰক্ষা আৰু ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ বাবে অতি সাহসিকতাৰে যুঁজ দিছে। দেশৰ বাবে নিজ জীৱনকো তুচ্ছ জ্ঞান কৰা এইগৰাকী বীৰক আজি অভিনন্দন জ্ঞাপন কৰি সুখী হৈছোঁ ৷

আশা কৰিছোঁ, তেখেতৰ নিষ্ঠা আৰু সততাৰ মাগদৰ্শনে অনাগত দিনত নৱপ্ৰজন্মৰ মাজত উৎসাহৰ সৃষ্টি কৰিব ।
The brave do what others want to.
My heartiest congratulations to Shri Pranabjyoti Das, Rifle Man of 6th Battalion of Assam Rifles, on being conferred with the prestigious Shaurya Chakra from the Hon’ble President of India. It is indeed a proud moment for Assam.






