‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি পাটাছাৰকুছিৰ বিধান সভা সমষ্টিৰ ৯৬ নং ভোটকেন্দ্ৰৰ ১৮১৭ নং দলাইগাঁও বিৰবিৰিয়া প্ৰাথমিক বিদ্যালয়ৰ অধীনৰ ভোটাৰসকলৰ ১০০ শতাংশ ক’ভিড টিকাকৰণ সম্পূৰ্ণ
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে ১০০ শতাংশ টিকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে ‘হৰ ঘৰ দস্তক’ শীৰ্ষক এটি অভিযান আজিৰে পৰা আৰম্ভ কৰা হৈছে ৷ এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে গৈ ক’ভিড-১৯ টিকাকৰণ কৰা হৈছে ৷
এই অভিযানৰ জৰিয়তে আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত ৯৬ নং ভোটকেন্দ্ৰৰ ১৮১৭ নং দলাইগাঁও বিৰবিৰিয়া প্ৰাথমিক বিদ্যালয়ৰ অধীনৰ ভোটাৰসকলৰ ক’ভিড টিকাকৰণ ১০০ শতাংশ সম্পূৰ্ণ কৰি মই নথৈ আনন্দিত হৈছোঁ ৷
অতি কম দিনৰ ভিতৰতে ক’ভিড-১৯ ৰ টীকা প্ৰস্তুত কৰি ৰাইজক টিকাকৰণ কৰি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত যি বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিলে তাৰবাবে মই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আৰু অসমতো ক্ষিপ্ৰতাৰে টিকাকৰণ কৰি অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
‘হৰ ঘৰ দস্তক’ অভিযান সফলকাম কৰাত সহযোগিতা আগবঢ়াওক আৰু নিজৰ জীৱন সুৰক্ষিত কৰাৰ লগতে পৰিয়াল, আত্মীয়-স্বজন তথা আন সকলোৰে সুৰক্ষা নিশ্চিত কৰক ৷ এয়া অসমবাসী ৰাইজলৈ মোৰ বিনম্ৰ ভাৱে আহ্বান ৷ আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক, খণ্ড উন্নয়ন বিষয়া আৰু স্বাস্থ্য বিষয়া সকল উপস্থিত থাকে ৷
A door-to-door COVID-19 vaccination campaign named ‘Har Ghar Dastak’ has been launched to achieve 100% immunization under the direction of Hon’ble Prime Minister of India. Pleased to announce that under this campaign, today we completed 100 per cent Covid vaccination of all voters under 16 No. voting centre, 1817 Dalaigaon Birbiria Primary School under my own constituency of Patacharkuchi.
Immensely grateful to the Hon’ble Prime Minister Shri Narendra Modi Dangoria’s strong & distinguished leadership in safeguarding India’s citizens by vaccinating them in such a short span of time. Thankful to Hon’ble Chief Minister Dr. Himanta Biswa Sarma Dangoria for ensuring the security of the Assamese people with his swift and efficient actions.
I urge everyone to help us in making the ‘Har Ghar Dastak’ campaign a success.
I humbly request the people of Assam to protect their lives, and ensure the protection of their families, relatives and the community.