আজি ‘গৰুখুটি প্ৰকল্প’ পৰিদৰ্শন কৰি এমজিএনৰেগাকে আদি কৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লওঁ ৷ লগতে, কিছু কামৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

এই প্ৰকল্পৰ গো-পালন, গাহৰি পাম, মৌ-পালনকে আদি কৰি বিভিন্ন কৃষি কৰ্মৰ পৰিদৰ্শন কৰি সেইসমূহৰ তদাৰক কৰোঁ ৷ ইয়াৰোপৰি, এই প্ৰকল্পত আগন্তুক দিনত গোবৰৰ পৰা গেছ উৎপন্ন কৰিবৰ কাৰণে এটি গোৱৰ্দ্ধন প্ৰকল্প স্থাপন কৰিবলৈ মই জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ প্ৰদান কৰোঁ ৷

এই প্ৰকল্পৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত চতিয়া সমষ্টিৰ বিধায়ক শ্ৰী পদ্ম হাজৰিকা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন দিহা-পৰামৰ্শৰ লগতে প্ৰকল্পটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত উদ্যোগ লৈ অহা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷


Visited the ‘#GarukhutiProject‘ to evaluate the progress of various schemes like #MGNREGA. Construction work was started & I directed the PHE Dept to develop a biogas project in the coming days.Grateful to HCM Dr Himanta Biswa Sarma Dangoria’s guidance in taking the project forward.





