আজি ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰৰ শিৱমন্দিৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম-কাজ পৰিদৰ্শন কৰোঁ ৷
বৰ্তমান এই অঞ্চলত এমজিএনৰেগাৰ অধীনত খহনীয়া ৰোধৰ বাবে ক্ষিপ্ৰগতিত মথাউৰি নিৰ্মাণ কৰি থকা হৈছে ৷ অতি কম দিনৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব আৰু স্থানীয় ৰাইজৰ জীৱন তথা সা-সম্পত্তিৰ সুৰক্ষা নিশ্চিত হ’ব বুলি মই নিশ্চিত ৷

এই পৰিদৰ্শন কালত মোৰ সৈতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীকে প্ৰমুখ্য কৰি সংশ্লিষ্ট বিষয়া সকল উপস্থিত থাকে ৷

Ensuring the safety of lives & property of the local people of Dhalpur.
Visited the embankment projects, to prevent erosion, under #MGNREGA in the adjoining areas of Shivmandir under Sipajhar constituency.