সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰধান সম্পাদক তথা বাক্সা জিলাৰ ধমধমাৰ কাষৰ খাগ্ৰাবাৰী গাঁৱৰ নিবাসী খৰ্গেশ্বৰ হালৈ দেৱে অলপতে ইহলীলা সম্বৰণ কৰি বৈকুণ্ঠগামী হয়। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।

মৃত্যু প্ৰকৃতিৰ আটাইতকৈ কঠোৰ আৰু চিৰন্তন সত্য। কিন্তু মৃত্যু আমাৰ কাম্য নহয়। এনে শোকাকুল পৰিস্থিতিত খৰ্গেশ্বৰ হালৈ দেৱৰ পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনে যাতে ধৈৰ্য আৰু সাহস ৰাখিব পাৰে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।






