ধুবুৰী জিলাত পুৰণি সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময়

ধুবুৰী জিলাত পুৰণি সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময়

আজি ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰোঁ ৷ ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলাৰ সভাপতি ডাঃ দেৱময় স্যানাল, প্ৰাক্তন বিধায়ক শ্ৰী অশোক সিংহী, জ্যেষ্ঠ কাৰ্যকৰ্তা বিমল অছৱাল আৰু শ্ৰী দীপক চাহাকে প্ৰমুখ্য কৰি কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ বিভিন্ন বিষয়ত আলোচনা কৰোঁ ৷

মই ২০১১ চনত সৰভোগ সমষ্টিৰ বিধায়ক হোৱাৰ আগতে এই ধুবুৰী জিলাত দলৰ তত্বাৱধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিলোঁ ৷ তাৰ পূৰ্বতে মই ধুবুৰী জিলাতে চাকৰি কৰিছিলোঁ ৷ সেয়েহে ধুবুৰীবাসী ৰাইজ আৰু দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে মোৰ এক আত্মিক সম্বন্ধ পূৰ্বৰে পৰাই আছে ৷ আজি পুৰণি সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে এনেদৰে মত বিনিময় কৰি মই নথৈ আনন্দিত হৈছোঁ ৷