আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগসমূহৰ বিষয়ববীয়া সকলৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ।

‘জল জীৱন মিছন’ সন্দৰ্ভত পৰ্যালোচনা
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা

আজি অনুষ্ঠিত উক্ত বিভাগীয় পৰ্যালোচনা বৈঠক কেইখনত বিভাগসমূহৰ সামগ্ৰিক উন্নীতকৰণ সন্দৰ্ভত কামৰ অগ্ৰগতিৰ বুজ লওঁ। বিভাগ সমূহে যাতে ৰাজ্যৰ জনসাধাৰণক উন্নত মানদণ্ডৰ সেৱা প্ৰদান নিশ্চিত কৰিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত, উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ প্ৰদান কৰোঁ।
আজিৰ এই পৰ্যালোচনা সভাত অসম চৰকাৰৰ প্ৰধান সচিব জে.বি. এক্কাকে প্ৰমুখ্য কৰি জিলা উপায়ুক্ত আৰু বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

Addressed a review meeting at DC office, Dhubri & discussed important matters regarding:
In addition to evaluating the progress, asked the officials to ensure quality services to the people of the state.