আজি ‘অসম আদৰ্শ গ্ৰাম যোজনা ২০১৮-১৯’ আঁচনি অধীনত ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাদাই খালী গাঁৱত মুঠ ২০ লাখ টকা অনুদানেৰে নিৰ্মিত শ্মশানলৈ যোৱা চিৰিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আগন্তুক দিনত এই আঁচনিৰ অধীনত গাঁওবাসীয়ে অনাময়ৰ সা-সুবিধা, পথ, নলা-নৰ্দমা, বিদ্যুৎ, খোৱাপানী, বিদ্যালয়, স্বাস্থ্যসেৱা, প্ৰতিষ্ঠান নিৰ্মাণৰ দৰে আন কেতবোৰ ৰাজহুৱা সুবিধা লাভৰ জৰিয়তে উপকৃত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস। সৰ্বাত্মক আৰ্থ-সামাজিক বিকাশৰ জৰিয়তে আদৰ্শ গাঁও হিচাবে গঢ় ল’বলৈ আগবঢ়া মাদাই খালী গাঁওখনে সমাজলৈ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলি মই আশা কৰিছোঁ।

আজিৰ এই শুভ উদ্বোধন অনুষ্ঠানত স্থানীয় বিধায়ক শ্ৰী নিজানুৰ ৰহমান আৰু জিলা উপায়ুক্ত শ্ৰী অনবামুথন এমপিকে আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Glad to see that developmental work under Assam Adarsh Gram Yojana 2018-19 making an impact in the lives of the people.

Distributed ₹20 lakh to the Madai Khali village of Aakharikandi GP for the construction of stairs leading to the crematorium.




