আজি শোণিতপুৰ জিলাত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমতী জামিনী কলিতাৰ বাসগৃহত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সম্পাদক তথা সদস্যসকলক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ।

ৰাজ্য চৰকাৰখনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।

উক্ত গাঁও পঞ্চায়তৰ অধীনত কাৰ্যকৰী হৈ থকা আঁচনিসমূহৰ সম্পূৰ্ণ লাভালাভ গ্ৰামাঞ্চলৰ ৰাইজে গ্ৰহণ কৰিব পাৰিছেনে নাই সেই সন্দৰ্ভত আজি পঞ্চায়ত সভাপতি শ্ৰীমতী জামিনী কলিতাৰ সৈতে আলোচনা কৰোঁ। লগতে, আগন্তুক দিনত এই আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ল’বলগীয়া যাৱতীয় পৰিকল্পনা যুগুত কৰোঁ।

এই কাৰ্যসূচীত মোৰ সৈতে তেজপুৰৰ বিধায়ক শ্ৰী পৃথ্বীৰাজ ৰাভা উপস্থিত থাকে ৷