কাৰ্যকৰ্তা সকল হৈছে দলৰ মূল চালিকা শক্তি

আজি শোণিতপুৰ জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।

কাৰ্যকৰ্তা সকলৰ নিষ্ঠা, সততা আৰু কৰ্মোদ্যমে আমাৰ দলটোক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে ৷ সেয়েহে, আজি তেখেত সকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত অধিক উদ্যমেৰে নিজ কৰ্ম সম্পাদন কৰি যাবলৈ আহ্বান জনাওঁ ৷ অসমৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ ।

আজিৰ এই সভাত মোৰ সৈতে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি শ্ৰী বাটাচ ওৰাঙকে আদি কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Karyakartas are the driving force of the party
Addressed a party meeting at the BJP office in Sonitpur & interacted with the Karyakartas on important issues. Urged their cooperation in continuing our development work for the welfare of the people within the district.





