আজি ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ উদ্দেশ্য আগত ৰাখি শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ ৯৮ সংখ্যক পুলিং বুথৰ অন্তৰ্গত তেজপুৰ আঞ্চলিক ক্ৰীড়া সংস্কৃতি বিকাশ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটি পৰিদৰ্শন কৰি ৰাইজৰ টিকাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ।
ইয়াৰোপৰি, তেজপুৰ সমষ্টিৰ চিত্ৰলেখা নগৰস্থিত শ্ৰী যাদৱ স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ ক’ভিড-১৯ টিকা প্ৰদান কৰোঁ ৷
‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে সমগ্ৰ দেশত ক’ভিড টিকা গ্ৰহণ নকৰাকৈ থাকি যোৱা ব্যক্তিসকলক টিকাকৰণ কৰাৰ উদ্দেশ্যে প্ৰতি ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ব্যক্তিক টিকাকৰণ নিশ্চিত কৰা হৈছে।
অসমতো ‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে এই কাৰ্যসূচী হাতত লোৱা হৈছে। সুৰক্ষিত আৰু সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ’লে ক’ভিড মহামাৰী প্ৰতিৰোধৰ সকলো উপায়েই আমি অৱলম্বন কৰিব লাগিব তথা ৰাইজক কৰোৱাব লাগিব।
মই আশা কৰিছোঁ, অনাগত অতি কম সময়ৰ ভিতৰত উক্ত ৯৮ সংখ্যক পুলিং বুথৰ অন্তৰ্গত টিকাকৰণ নকৰা প্ৰতিগৰাকী ব্যক্তিৰ টিকাকৰণ নিশ্চিত কৰা হ’ব।
Taking Har Ghar Dastak to the masses
Visited Tezpur Regional Sports Culture Development Centre under Sonitpur Dist & reviewed the 98th polling booth to ensure 100% immunization of the people under the booth.