আজি বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত এখনি সভা সম্বোধন কৰোঁ ৷ সভাত মিত্ৰদলৰ কাৰ্যকৰ্তা সকলৰ সৈতে আগন্তুক দিনৰ কাৰ্যপন্থাৰ সন্দৰ্ভত মত বিনিময় কৰোঁ ৷

বিগত দিন ধৰি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে সমিলমিলে চৰকাৰ চলাই আহিছে ৷ এইক্ষেত্ৰত দুয়োটা দলৰ কাৰ্যকৰ্তা সকলৰ ভূমিকা অপৰিসীম ৷

আজিৰ সভা সম্বোধন কৰি মিত্ৰদলৰ কাৰ্যকৰ্তা সকলক তেখেত সকলৰ ত্যাগ আৰু পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰোঁ আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি সমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাওঁ ৷

আজিৰ এই সভাত অগপ দলৰ বিশ্বনাথ জিলাৰ সভাপতি শ্ৰী কেশৱ কলিতা, সতীৰ্থ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ, বিধায়ক শ্ৰী প্ৰমোদ বৰঠাকুৰ আৰু বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি শ্ৰী পংকজ বৰা উপস্থিত থাকে ৷





