আজি বিহালী বিধানসভা সমষ্টিৰ অধীনৰ বাঘমাৰা উন্নয়ন খণ্ডৰ মনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী মিতালী মহানন্দৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তত চলি থকা আঁচনি সমূহৰ সফলতাৰ ওপৰত আলাপ-আলোচনা কৰোঁ।

মোৰ দৃঢ়বিশ্বাস যে, অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে প্ৰতিগৰাকী পঞ্চায়ত সভাপতিয়ে সেৱা আগবঢ়াই আহিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহ ফলপ্ৰসূ ভাৱে ৰূপায়ণ কৰি উন্নয়নৰ জৰিয়তে সভাপতি সকলে সম্প্ৰতি গ্ৰামাঞ্চলৰ চিত্ৰ সলনি কৰিছে।
গতিকে, পঞ্চায়ত সভাপতি সকলৰ সৈতে বিভিন্ন সময়ত আলাপ-আলোচনাৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশ অধিক মজবুত কৰি তোলাৰ মোৰ নিৰলস প্ৰচেষ্টা বৰ্তমানেও অব্যাহত আছে। আজি শ্ৰীমতী মিতালী মহানন্দৰ বাসগৃহত উক্ত পঞ্চায়তখনৰ সামগ্ৰিক উন্নীতকৰণৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে আগন্তুক দিনৰ পৰিকল্পনা যুগুত কৰা হয়।

এই কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ, বিধায়কদ্বয় ক্ৰমে শ্ৰী ৰঞ্জিত দত্ত আৰু শ্ৰী প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত শ্ৰী দেৱকুমাৰ মিশ্ৰা তথা জিলা সভাপতি শ্ৰী পংকজ বৰা উপস্থিত থাকে।

To strengthen our rural landscape, its overall growth is necessary.
Visited the residence of Smt Mitali Mahananda, President of Manabari GP, Baghmara DB under Behali LAC & discussed about the effective implementation of schemes & future directives.