আজি বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা কৰোঁ ৷

বিভাগৰ কাম-কাজ সমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে উপস্থিত বিভাগীয় বিষয়া সকলৰ পৰা প্ৰতিটো বিভাগৰ কামৰ অগ্ৰগতি আৰু আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত বুজ লওঁ ৷ জিলাখনত বিভাগীয় প্ৰতিটো আঁচনি প্ৰকৃত হিতাধিকাৰীয়ে পোৱাটো নিশ্চিত কৰিবৰ বাবে আজিৰ এই পৰ্যালোচনা বৈঠকত বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰোঁ ৷

এই সভাত বিধায়কদ্বয় শ্ৰী ৰঞ্জিত দত্ত, শ্ৰী প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তকে আদি কৰি তিনিওটা বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
In a review meeting with P&RD, PHED & FCS&CA at DC office in Biswanath Dist, monitored the progress of the schemes. Urged the officials to ensure that its implementation reach the actual beneficiaries.
I was accompanied by MLA Shri Ranjit Dutta, Shri Pramod Borthakur, the DC & Dept officials.