ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত সেৱক, ভাতৃপ্ৰতিম অঞ্জন ডেকা পৰলোকগামী হোৱাৰ বাতৰি পুৱাতেই লাভ কৰি অতিকৈ মৰ্মাহত হৈছোঁ ৷ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ বাবে এয়া অতি দুৰ্ভাগ্যজনক বতৰা ৷ উল্লেখ্য যে, অঞ্জন ডেকা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰ’টকল বিভাগৰ দায়িত্বত আছিল ৷ তেওঁ সদায় অতি নিষ্ঠা আৰু সততাৰে নিজ দায়িত্ব পালন কৰিছিল ৷ এনে এজন সক্ৰিয় কাৰ্যকৰ্তাৰ বিয়োগ দলৰ বাবে অপুৰণীয় ক্ষতি ৷ ভাতৃ অঞ্জনৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷
৷৷ ঔঁম শান্তি ৷৷





