স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰত্ন, বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ড° ৰাজেন্দ্ৰ প্ৰসাদ দেৱক জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।

দেশৰ কোটি কোটি জনগণৰ মাজত তেখেত জনাজাত আছিল “ৰাজেন্দ্ৰ বাবু” নামেৰে। উল্লেখ্য যে তেখেত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন তথা স্বাধীনতা সংগ্ৰামৰ অন্যতম এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। তেখেতৰ দেশ প্ৰেম, দেশৰ প্ৰতি আগবঢ়াই থৈ যোৱা নিষ্ঠা ভৰা অনন্য দেশ সেৱা দেশবাসীৰ বাবে সদায় অনুপ্ৰেৰণাৰ সমল হৈ ৰ’ব।