আজি শোণিতপুৰ জিলাৰ বিহালী অঞ্চলস্থিত গুৰুজনাৰ স্মৃতি বিজৰিত পবিত্ৰ গাংমৌ থান দৰ্শন কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ প্ৰায় ৭ বছৰ ৬ মাহ সৃষ্টিশীল কাল অতিবাহিত কৰা এই থানত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনোৱাৰ লগতে থানত সংৰক্ষিত সাঁচিপতীয়া পুথিসমূহ দৰ্শন কৰি আহ্লাদিত হৈছোঁ। ইয়াৰোপৰি, মহাপুৰুষ গুৰুজনাই নিজে লিখি থৈ যোৱা কীৰ্তন পুথি এতিয়াও ইয়াতে সংৰক্ষিত হৈ আছে ৷ আজি এই কীৰ্তন পুথি ভাগ দৰ্শন কৰি মোৰ জীৱন সাৰ্থক হোৱা যেন অনুভৱ হৈছে ৷

ইতিহাস প্ৰসিদ্ধ গাংমৌ থানতে গুৰুজনাই লিখি উলিয়াইছিল ‘পাৱে পৰি হৰি কৰহোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ’ বৰগীতটি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম থলী হিচাবে পৰিগণিত এই পবিত্ৰ গাংমৌ থানত আজি উপস্থিত হৈ ভকত-বৈষ্ণৱৰ সৈতে গুৰুজনাৰ গুণানুকীৰ্তন কৰোঁ।

ইয়াৰ জৰিয়তে মই ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাব বিচাৰোঁ যে, আপোনাসৱেও এই ঐতিহ্যমণ্ডিত থানখন দৰ্শন কৰিবলৈ আহক ৷ মহাপুৰুষ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজিৰ বিষয়ে জানিব পাৰি আপোনাসৱো আপ্লুত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷

Blessed to visit Gangmouthan in Behali, Sonitpur Dist. where handwritten kirtans by Srimanta Sankardev Gurujana have been preserved. Offered my prayers in his reverence. Indeed an enlightening experience to see & feel Gurujana’s work so closely.





