আজি বিশ্বনাথ জিলাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ চাহ জনগোষ্ঠীয় মৰ্চাৰ ‘ৰাজ্যিক বিষয়ববীয়া সভা’ খনি সম্বোধন কৰি আনন্দিত হৈছো ৷

আজিৰ সভা সম্বোধন কৰি চাহ জনগোষ্ঠীয় মৰ্চাৰ বিষয়ববীয়া সকলে দলৰ প্ৰতি কৰা ত্যাগ আৰু পৰিশ্ৰমক সন্মান জনাই সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ ৷

লগতে, অসমৰ সৰ্বাংগীন উন্নয়ন আৰু দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ স্বাৰ্থত অনাগত দিন সমূহত তেখেতসকলৰ একনিষ্ঠ সহযোগিতা কামনা কৰোঁ ৷

এই সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী দিলীপ শইকীয়া, চাহ জনগোষ্ঠীয় মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী দিগন্ত ঘাটোৱাৰ, বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰী পল্লৱলোচন দাস, ৰাজ্যিক মুখপাত্ৰ শ্ৰী কামাখ্যা প্ৰসাদ তাছা, সতীৰ্থ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ আৰু বিধায়কসকল ক্ৰমে শ্ৰী তেৰছ গোৱালা, শ্ৰী প্ৰমোদ বৰঠাকুৰ, শ্ৰী কৃষ্ণ কমল তাঁতী, শ্ৰী ৰূপেশ গোৱালা উপস্থিত থাকে ৷
Glad to address the State Executive Meeting of BJP Assam Pradesh Tea Morcha held at Biswanath today.
The contributions by the Tea Morcha has played a special role in bringing BJP its massive success. Urged the officials for their sincere cooperation to augment our progress.





