লখিমপুৰ জিলাত বিভাগীয় কাম-কাজ সমাপ্ত কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত উপস্থিত হৈ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷ দলৰ কাৰ্যকৰ্তা বন্ধু সকলৰ উষ্ম আদৰণিয়ে মোক আপ্লুত কৰিলে ৷

দলৰ সাংগঠনিক ভেঁটি তথা চৰকাৰখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কাৰ্যকৰ্তা সকলৰ অক্লান্ত সহযোগিতা কামনা কৰি আজিৰ সভাত মোৰ বক্তব্য দাঙি ধৰোঁ ৷ লগতে, আগন্তুক দিনত দলক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থা আৰু পৰিকল্পনা সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰোঁ ৷

আজিৰ এই সভাত বিজেপিৰ লখিমপুৰ জিলাৰ সভাপতি শ্ৰী ফনী বৰুৱা আৰু বিধায়কসকল ক্ৰমে শ্ৰী মানৱ ডেকা, শ্ৰী নৱ কুমাৰ দলে, শ্ৰী অমিয় কুমাৰ ভূঞা উপস্থিত থাকে ৷





