আজি লখিমপুৰ জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘জল জীৱন মিছন’ আঁচনিৰ অন্তৰ্গত কেইবাখনো পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ ।

উল্লেখিত প্ৰতিখন খোৱাপানী যোগান আঁচনিয়ে অঞ্চলটোৰ ৰাইজক উপকৃত কৰাৰ লগতে দীৰ্ঘদিনীয়া খোৱাপানীৰ অসুবিধাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বুলি মোৰ দৃঢ়বিশ্বাস।

এই উদ্বোধনী অনুষ্ঠানত মোৰ সৈতে স্থানীয় বিধায়ক শ্ৰী মানৱ ডেকা, বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী অমিয় কুমাৰ ভূঞা, লখিমপুৰ জিলাৰ উপায়ুক্তৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Glad to inaugurate several FHTCs of JJM under PHED in Lakhimpur Dist.
Gharmara
Baisa Konwar Gaon
No. 2 Rawnapur
Ujjwalpur Kanchipathar
I am positive these schemes will greatly benefit the people.