সাহিত্য, সাংবাদিকতা ক্ষেত্ৰৰ অন্যতম মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

May be an image of 1 person and text

সাহিত্য, সাংবাদিকতা ক্ষেত্ৰৰ অন্যতম মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। বৰেণ্য সাহিত্যিক গৰাকীয়ে কথাশিল্পৰ জৰিয়তে এখন সু-শৃংখলিত সমাজ গঠন কৰিবলৈ সদায় প্ৰয়াস কৰি গৈছিল। তেখেতৰ অমূল্য অৱদানে অসমীয়া কথাশিল্পৰ জগতখনক অনন্ত কাললৈ সম্ভ্ৰান্ত কৰি ৰাখিব। উল্লেখ্য যে, স্পষ্টবাদী ব্যক্তিত্বৰ, অসমীয়া সমাজ জীৱনৰ বটবৃক্ষ স্বৰূপ কথাশিল্পী গৰাকীৰ উল্লেখ্যনীয় তথা অনন্য অৱদান সমূহক যুগমীয়া কৰি ৰখাৰ আন্তৰিক প্ৰয়াসেৰে আমাৰ চৰকাৰে কেইবাটাও পদক্ষেপ হাতত লৈছে। যোৱাকালি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৩নং ৰাজ্যিক ঘাইপথৰ নাৰেংগীৰ পৰা ভকতগাঁও সংযোগী ৫০.৮৬ কিঃমিঃ অংশটিক তেখেতৰ নামেৰে নামকৰণ কৰি উৎসৰ্গা কৰাৰ সমান্তৰাল ভাৱে আজি কটন বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত “হোমেন বৰগোহাঞি সভাকক্ষ” আৰু গ্ৰন্থাগাৰত “হোমেন বৰগোহাঞি অধ্যয়নপীঠ”ৰ শুভ উদ্বোধন কৰিব। প্ৰজ্ঞাৰ সাধক গৰাকীলৈ পুনৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।