যোৰহাট জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট কেন্দ্ৰীয় আৰু উত্তৰ-পশ্চিম সংমণ্ডলৰ ‘বৃহত্তৰ চাৰিগাঁও পানী যোগান আঁচনি’ আৰু ‘যৌগিক সকলো প্ৰণালী উপাদানৰ ডিজাইন আৰু নিৰ্মাণ’ পানী যোগান আঁচনি দুখন আজি পৰিদৰ্শন কৰোঁ।

পৰিদৰ্শন কালত আঁচনি দুখনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰী সকলৰ সৈতে আঁচনিখনৰ সম্পৰ্কীয় বিষয়ৰ সামগ্ৰিক আলোচনা কৰোঁ আৰু যাৱতীয় কাম-কাজ ক্ষিপ্ৰ গতিৰে আগবঢ়াবলৈ নিৰ্দেশ দিওঁ ৷

উল্লেখ্য যে, আগন্তুক ২০২২ চনৰ ভিতৰত কাৰ্যক্ষম হ’বলগীয়া দুয়োখন আঁচনিয়ে যোৰহাটৰ বৃহৎ অঞ্চলক সাঙুৰি লৈ খোৱা পানী যোগান তথা মানদণ্ডত স্থিৰতা আনিব আৰু কেইবাশটা পৰিয়ালক উপকৃত কৰিব ৷

Reviewed the progress of Greater Charigaon Water Supply Scheme & Design & Construction of Composite Structure WSS under Jorhat Central & NW Divisions of PHED, Jorhat Dist. Discussed the overall issues related to the projects & instructed the officials to expedite the work.





