আজি যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠক যোগে জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গৰ পৰা জিলাখনত অব্যাহত থকা আঁচনি সমূহৰ সাম্প্ৰতিক স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত বুজ লওঁ ৷

তিনিওটা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ প্ৰকৃত উদ্দেশ্যক সঠিক আৰু সফল ৰূপত সম্পাদন কৰিবলৈ বিভাগীয় বিষয়াক আহ্বান জনোৱাৰ লগতে জিলাখনৰ কোনো প্ৰকৃত হিতাধিকাৰী যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছোঁ।

এই বৈঠকত জিলাখনত বিভাগ কেইটিয়ে অনাগত দিনত সমাপন কৰিব লগা কাম-কাজ সমূহৰ বাবে এক পৰিকল্পনাও যুগুত কৰা হয়।

আজিৰ এই পৰ্যালোচনা বৈঠকত মৰিয়নিৰ বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা উপায়ুক্ত আৰু বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

Ensuring access to schemes by the rightful beneficiaries.
In a meeting held at DC office, Jorhat, reviewed the progress of schemes under the Depts of P&RD, PHED & FCS&CA.The meeting was attended by MLA of Mariani Shri Rupjyoti Kurmi, DC of Jorhat & Dept officials.